loading ...

  • নবী(ছঃ) ৰ সংগঠন

    নবী(ছঃ) ৰ সংগঠন --

     হিলফুল ফুজুল বা হলফুল ফুযুল:

    আৰবীত- حلف الفضول‎‎( Hilful Fujul : a 5th-century alliance) এক সংঘ বিশেষ।

    পৃথিৱীৰ সৰ্বপ্ৰথম সংগঠন বুলিও কব পাৰি। কাৰণ ইয়াৰ পূৰ্বে সম্পূৰ্ণ সংগঠনৰ ৰূপত গঠিত একো পোৱা নাযায়।

    ফুজুল শব্দটোৰ অর্থ হল কল্যাণৰ শপত। (হলফৰ অর্থ শপত, আৰু ফুযুল বা ফযিলত মানে মঙ্গল)। 

    সংগঠনটো পাচ শতিকাৰ ৫৯০ খৃষ্টাব্দত, যিলকদ মাহত প্রতিষ্ঠিত হয়।

    এই সংগঠন আৰব দেশৰ মক্কা নগৰত কুৰাইশ্ব (قريش) বংশৰ যি ৫ টা গোত্ৰৰ নেতৃত্ববৃন্দ ৰ মাজত আলোচনা বিলোচনা মৰ্মে, প্ৰতিশ্ৰুতিবদ্ধ হৈ প্ৰতিষ্ঠিত হৈছিল। সেই পাচটা হল : 

    ১/হাশ্বিম বিন আব্দে মানাফ গোত্ৰ।

    (بنو هاشم بن عبد مناف)

    ২/ মুত্তালিব বিন আব্দে মানাফ গোত্ৰ।

    (بنو المطلب بن عبد مناف)

    ৩/ আছাদ ভিন আব্দে উজ্জা গোত্ৰ।

    (بنو أسد بن عبد العزى) 

    ৪/ জুহৰা বিন কিলাব গোত্ৰ।

    (بنو زهرة بن كلاب) 

    ৫/ তায়িম বিন মুৰ্ৰা গোত্ৰ।

    (بنو تيم بن مرة)

     সংগঠনটো আব্দুল্লা ইবনে জাদআন তাইমীৰ ঘৰত সম্পাদনা হৈছিল। যত নবী হজৰত মহম্মদ ছঃ নিজে উপস্থিত আছিল, 

    আৰু ওতঃপ্ৰোত ভাৱে জড়িত আছিল। তেতিয়া তেখেতৰ বয়স ২০ বছৰ আছিল।

    লক্ষ্য আৰু উদ্দেশ্য :

    সংগঠনটো মূলতে নিপীড়িত, অত্যাচাৰিত লোকৰ সাহায্য প্রদান, নিৰাশ্রয় লোকক আশ্ৰয় প্ৰদানৰ লক্ষ্যৰে গঠিত হৈছিল । 

    তদুপৰি তলৰ কেইটামান আছিল প্ৰধান লক্ষ্য আৰু উদ্দেশ্য :

    1. ১) যিকোনো গোত্ৰৰ, বংশৰ অত্যাচাৰিত ব্যক্তিক ন্যায় প্রদান কৰা হব। 
    2. ২) দেশত সকলো ধৰণৰ শান্তি, সম্প্ৰীতি আৰু শৃংখলা ৰক্ষা কৰিব লাগিব।
    3. ৩) মুছাফিৰ আৰু বিদেশৰ পৰা অহা লোকক ৰক্ষণাবেক্ষণ দিব লাগিব।
    4. ৪) সদায় দৰিদ্ৰৰ সহায় কৰা হব। 
    5. ৫) কোনো অত্যাচাৰী বা লুটেৰা, আক্ৰমণকাৰী ক মক্কা নগৰত বাস কৰিবলৈ দিয়া নহব।

    পটভূমি :

    কুৰাইশ্ব বংশৰ নিজৰ মাজতে পূৰ্বৰে পৰা নানা ধৰণৰ সমস্যা, ফিতনা আদি চলি আছিল। 

    ফিজৰ যুদ্ধৰ পৰিণতিত কুৰাইশ্বসকলে বুজিব পাৰিলে যে , মক্কা নগৰৰ অবনতি নিজৰ মাজতে সংঘৰ্ষ, গৃহ বিবাদৰ ফল।

    গতিকে এনে ক্ষতি, সমস্যা আদিৰ পৰা ৰক্ষা পাবলৈ, আৰু নিজৰ দেশক ৰক্ষণাবেক্ষণ দিবলৈ সকলোৱে মিলি হালফুল ফুজুল নামৰ সংগঠনটো জন্ম দিছিল।

    সামৰণি :

    নবুৱত প্ৰাপ্তিৰ পিছতো এনে সংগঠনৰ আশাবাদী আছিল। তেওঁ কৈছিল :

    «لقد شهدت مع عمومتي حلفا في دار عبد الله بن جدعان ما أحب أن لي به حمر النعم ، ولو دعيت به في الإسلام لأجبت»

    অৰ্থাৎ, (ইছলামৰ পূৰ্বে) এই সংগঠন প্ৰতিষ্ঠাৰ দিনা মই নিজে মোৰ খুৰা সকলৰ লগত আঃ ইবনে জাদআন ৰ ঘৰত উপস্থিত আছিলো। মোৰ এনে সংগঠন

     ৰঙা দামী উটনিতকৈ অধিক প্ৰিয় (বহুত প্ৰিয়)। আজি ইছলামী কালতো যদি এনে সংগঠন লৈ মোক মাতা হয়, মই নিশ্চয় জড়িত হম।

    > Source : তাৰিখে ইবনে হিশ্বাম, অনলাইন।

    আমি কি শিকিলো ?

    • * সৎ, ভাল আৰু কৰ্মী সংগঠন থাকিলে নিজেই আগবাঢ়ি যাব লাগে।
    • * সভাপতি, সম্পাদক আদিৰ লোভ বৰ্জন কৰিব লাগে।
    • * সংগঠনৰ সৰ্বপ্ৰথম উদ্দেশ্য অত্যাচাৰিত আৰু নিপীড়িত, দৰিদ্ৰ লোকৰ সেৱা হব লাগে।
    • * সংগঠন কাম কৰাৰ উদ্দেশ্যে, জাতিৰ উন্নয়নৰ স্বাৰ্থে গঠন হব লাগে। কিবা কৰি, ফটো আদিৰ যোগেদি ধন সংগ্ৰহ, নিজৰ প্ৰচাৰৰ বাবে নহয়।

    নাস্তিক পূৰাণ শিক্ষামূলক গল্প আৰু উপান্যাস
© NE Peace | Powered By WinLine India

Contact us

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam