loading ...

  • যিবোৰ কাৰণত ৰোজা ভঙ্গ নহয় বা নষ্ট নহয়

    যিবোৰ কাৰণত ৰোজা ভঙ্গ নহয় বা নষ্ট নহয়।

    ► মাছআলানং১

    কোনো ৰোজাদাৰ ৰোজাৰ কথা পাহৰি গৈ পানাহাৰ কৰিলে তাৰ ৰোজা নষ্ট নহ'ব। কিন্তু ৰোজা স্মৰণ হোৱাৰ লগে লগে পানাহাৰ এৰি দিব লাগিব। হাদীছ শ্বৰীফত আহিছে- من نسي وهو صائم فأكل أو شرب فليتم صومه، فإنما أطعمه الله وسقاه যি ব্যক্তি ভুলতে আহাৰ কৰিল বা পান কৰিল সি তাৰ ৰোজা পূর্ণ কৰে যেন। কাৰণ আল্লাহে তাক পানাহাৰ কৰোৱাইছে। (ছহীহ মুছলিম ১/২০২)

    ► মাছআলানং২

    চকুত ঔষধ-ছুৰমা ইত্যাদি লগালে ৰোজাৰ কোনো ক্ষতি নহয়। হজৰত আনাছ ৰাঃ ৰোজা অৱস্থাত ছুৰমা ব্যৱহাৰ কৰিছিল। (ছুনানে আবু দাউদ ১/৩২৩)

    ► মাছআলানং৩

    ৰাতি স্ত্রীসহবাস কৰিলে বা স্বপ্নদোষ হ'লে ছুবহে ছাদিকৰ আগত গা ধুব নোৱাৰিলেও ৰোজাৰ কোনো ক্ষতি নহ'ব। কিন্তু কোনো উজৰ নোহোৱা বিশেষত্ব ৰোজাৰ অৱস্থাত দীর্ঘ সময় অপবিত্র থকা উচিত নহয়। হজৰত আয়শা (ৰাঃ)ৰ পৰা বর্ণিত, কেতিয়াবা কেতিয়াবা গোছল ফৰজ অৱস্থাত নবী ছাল্লাল্লাহু আলাইহি ওযৱাছাল্লামৰ পুৱা হৈছিল। তাৰপিছত তেখেতে গা ধুই ৰোজা পূর্ণ কৰিছিল।

    ► মাছআলানং৪

    বীর্যপাত বা সহবাসত লিপ্ত হোৱাৰ সম্ভৱনা নেথাকিলে স্ত্রীক চুম্বন কৰা জাইজ আছে। ইয়াত ৰোজাৰ কোনো ক্ষতি নহ'ব। কিন্তু যুৱকসকলৰ যিহেতু এইটোৰ সম্ভাৱনা থাকে সেইবাবে ইয়াৰ পৰা বাচি থকা উচিত। আব্দুল্লাহ ইবনে আমৰ ইবনুল আস ৰাঃ কৈছে, আমি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওচৰত আছিলোঁ। ইতিমধ্যে এজন যুৱকৰ আহিল আৰু প্রশ্ন কৰিলে- আল্লাহৰ ৰাছূল (ছঃ)! মই ৰোজা অৱস্থাত চুম্বন কৰিব পাৰো নেকি? নবী ছাল্লাল্লাহু আলাইহি ওযৱাছাল্লাম ক'লে- নোৱাৰা । ইয়াৰ পিছত এজন বৃদ্ধা আহিল আৰু একেই প্রশ্ন কৰিলে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম ক'লে, পাৰিবা। আমি সকলোৱে তেতিয়া আচৰিত হ'লো এজনে আপোনৰ ফালে চাই আছিলোঁ। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম ক'লে, মই জানোঁ, তোমালোকে কিয় এজনে আনজনৰ ফালে চাই আছা। শুনা! বৃদ্ধা ব্যক্তিজনে নিজক নিয়ন্ত্রণ কৰিব পাৰিব। (মুছনাদে আহমদ ২/১৮০, ২৫০)

    হজৰত আবু মিজলায (ৰহঃ) কৈছে, ইবনে আব্বাছ (ৰাঃ)ৰ ওচৰত এজন বৃদ্ধা ৰোজা অৱস্থাত চুম্বন কৰাৰ মাছআলা সুধিলে। তেখেতে তাক অনুমতি দিলে। ইয়াৰ পিছত এজন যুৱক আহি একেই মাছআলা সুধিলে তেখেতে তাক নিষেধ কৰিলে। (মুছান্নাফে আব্দুৰ ৰাজ্জাক ৪/১৮৫)

    ► মাছআলানং৫

    অনিচ্ছাকৃতভাৱে বমি হ'লে (মুখ ভৰ্তি বমি হ'লেও) ৰোজা ভাঙি নাযায়। তেনেকুৱা বমি মুখত আহি নিজে নিজেই ভিতৰত সুমুৱাই গ'লেও ৰোজা ভাঙি নাযায়। من ذرعه القيء فليس عليه قضاء. رواه الترمذي وقال : حديث حسن অনিচ্ছাকৃতভাৱে কোনো ব্যক্তিৰ বমি হ'লে তাৰ ৰোজা কাজা কৰিব নালাগিব। (জামে তিৰমিজী ১/১৫৩, হাদীছ : ৭২০)

    ► মাছআলানং৬

    শৰীৰত বা মূৰত তেল ব্যৱহাৰা ৰোজা ভাঙি নাযায়। হজৰত কাতাদাহ (ৰাঃ) কৈছে , ‘ৰোজাদাৰৰ তেল ব্যৱহাৰা কৰা উচিত, যাতে ৰোজাৰ কাৰণে সৃষ্টি ফ্যাকাশ বর্ণ দূৰ হৈ যায়। (মুছান্নাফে আব্দুৰ ৰাজ্জাক ৪/৩১৩)

    ► মাছআলানং৭ কেৱল যৌন চিন্তাৰ কাৰণে বীর্যপাত হ'লে ৰোজা ভঙ্গ নহ'ব। কিন্তু এই কথা কোৱাই বাহুল্য যে, সকলো ধৰণৰ কুচিন্তা এনেই গুনাহ আৰু ৰোজাৰ অৱস্থাত সেইটো আৰু ডাঙৰ অপৰাধ।

    ► কামভাৱত কোনো মহিলাক দেখাৰ বাবে কোনো ক্রিয়া-কৰ্ম নোহোৱাকৈ বীর্যপাত হলে ৰোজা ভাঙি নাযায়। কিন্তু ৰোজা অৱস্থাত স্ত্রীৰ ফালেও এনেকুৱা দৃষ্টিত দেখা উচিত নহয়। আৰু বেলেগৰ লগত কু-দৃষ্টি কৰা কবীৰা গুনাহ। যি ৰোজা অৱস্থাত আৰু ভয়ংকৰ। এনেকৈ ৰোজাদাৰৰ ৰোজাৰ ফযীলত আৰু বৰকতৰ পৰা মাহৰুম হৈ যায়। হজৰত জাবিৰ ইবনে যাইদক সুধা হ'ল, কোনো ব্যক্তি তাৰ স্ত্রীৰ ফালে কামভাৱেৰে দৃষ্টি কৰিছে। সেই কাৰণে তাৰ বীর্যপাত হৈছে তাৰ ৰোজা কি ভঙ্গ হৈ গৈছে? তেখেতে কৈছে-হোৱা নাই । সি ৰোজা সম্পূর্ণ কৰিব।" (মুছান্নাফে ইবনে আবী শ্বাইবা ৬-২৫৯, আৰু দেখিব : ছহীহ বুখাৰী ১/২৫৮)

    ► মাছআলানং৮

    মহঁ-মাখি, কীট-পতঙ্গ ইত্যাদি অনিচ্ছাকৃতভাৱে পেটৰ ভিতৰ সুমুৱাই গ'লেও ৰোজা ভঙ্গ নহ'ব।

    ► ধোঁৱা বা ধুলিবালি অনিচ্ছাকৃতভাৱে মুখত বা পেটৰ ভিতৰত সুমুৱাই গ'লে ৰোজা ভঙ্গ নহ'ব। ‌হজৰত ইবনে আব্বাছ (ৰাঃ) কৈছে, ‘ কোনোবাৰ গলৰ ভিতৰত মাখি সুমুৱাই গ'লে ৰোজা ভঙ্গ নহ'ব।" (মুাছান্নাফে ইবনে আবী শাইবা ৬/৩৪৯)

    ► মাছআলানং৯

    স্বপ্নদোষ হ'লে ৰোজা ভঙ্গ নহয়। হজৰত আবু ছাঈদ খুদৰী (ৰাঃ) পৰা বর্ণিত, নবী কৰীম ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ মুখ ভৰ্তি বমি হ'ল। তেখেত তেতিয়া ক'লে- ثلاث لا يفطرن الصائم : القيء والحجامة والحلم. তিনিটা বস্তু ৰোজা ভঙ্গৰ কাৰণ ননয়। বমি, শিঙ্গা লগুৱা আৰু স্বপ্নদোষ। (ছুনানে কুবৰা বাইহাকী ৪/২৬৪)

    ► মাছআলানং১০

    চকুৰ পৰা ১/২ টোপাল পানী মুখৰ ভিতৰত গ'লে ৰোজা নষ্ট নহয়। হজৰত ইবনে আব্বাছ ৰাঃ কৈছে, ‘ৰোজা অৱস্থাত ছিৰকা বা অন্য কোনো বস্তুৰ সোৱাদ গ্রহণ কৰিলে যদি সেইটো ডিঙিৰ ভিতৰত নাযায়, তেতিয়া হ'লে ভঙ্গ নহয়। (মুছান্নাফে ইবনে আবী শাইবা ৬/২০২)

    ► মাছআলানং১১

    সুস্থ অৱস্থাত ৰোজাৰ নিয়ত কৰাৰ পিছত যদি অজ্ঞান, অচেতন বা পাগল হৈ যায়, তেতিয়া হ'লে ৰোজা নষ্ট নহ'ব। হজৰত নাফে (ৰহঃ) কৈছে, হজৰত ইবনে ওমৰ (ৰাঃ) নফল ৰোজা অৱস্থাত বেহুশ হৈ যায় কিন্তু ইয়াৰ কাৰণে ৰোজা ভাঙা নাই। (ছুনানে কুবৰা বাইহাকী ৪/২৩৫) যিসকলৰ বাবে ৰোজা নাৰাখাৰ অনুমতি আছে-

    يا ايها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون. اياما معدودت، فمن كان منكم مريضا او على سفر فعدة من ايام اخر وعلى الذين يطيقونه فدية طعام مسكين، فمن تطوع خيرا فهو خير له، وان تصوموا خير لكم ان كنتم تعلمون. شهر رمضان الذى انزل في القرآن هدى للناس وبينت من الهدى والفرقان، فمن شهد منكم الشهر فليصمه، ومن كان مريضا او على سفر فعدة من ايام اخر يريد الله بكم اليسر ولا يريد بكم العسر، ولتكملوا العدة ولتكبروا الله على ما هدكم ولعلكم تشكرون.


    (তৰজমা) হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা। নিৰ্দিষ্ট কিছুমান দিন। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হলে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ৰোজা পালন কৰা কষ্টসাধ্য সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিৱৰ্তে ফিদইয়া- এজন মিছকিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সত্কাম কৰে, তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ; আৰু ৰোজা পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন। ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে। এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হব সি যেন এই মাহত ৰোজা পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ তোমালোকক যি হিদায়াত দিছে তাৰ বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা। (ছুৰাহ বাক্বাৰাহ, আয়াত- ১৮৩, ১৮৪, ১৮৫)

    ৰমজান আৰু ৰোজা ইবাদত
© NE Peace | Powered By WinLine India

Contact us

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam