loading ...

  • প্যাৰাডক্সিক্যাল ছাজিদ

     নাস্তিক পূৰাণ


    গল্প নং-১ 

    পঢ়ি মনোভাৱ প্ৰকাশ কৰিব।

    -------------মুখলিছুৰ ৰহমান


     এজন অবিশ্বাসীৰ বিশ্বাস ________________________ 


    মই ৰুমত প্ৰৱেশ কৰা মাত্ৰই দেখিলোঁ  ছাজিদ কম্পিউটাৰৰ আগত ক্যেঙ্গাৰুৰ দৰে হাওলি বহি আছে৷ খটাখট্ কিবা এটা টাইপ কৰাত ব্যস্ত৷ মই জগৰ পৰা পানী অলপ বাকিবলৈ ধৰিলোঁ৷ পিয়াঁহত বুকু ফাটি যাও ফাটি যাও যেন লাগি আছে৷ ছাজিদে কম্পিউটাৰৰ পৰা চকুঁ আঁতৰাই মোৰ ফালে চাই ক'লে_____' অই! কিবা হ'লনে?'


    মই হতাশ কণ্ঠেৰে ক'লোঁ___ 'নাই--হ!'


    __ 'তাৰ মানে তোক তেতিয়া হ'লে এবছৰ ড্ৰপ দিবই লাগিব?'--- ছাজিদে সুধিলে৷


    মই কলোঁ__ 'কি আৰু কৰিব পৰা যায়৷ *আল্লাহে* যি কৰে ভালৰ বাবেই কৰে৷'


    ছাজিদে মোৰ পিনে অদ্ভূত দৃষ্টিৰে চাই ক'লে__ ' তহঁতৰ এইটোৱে দোষ, বুজিলি? দেখিলি poor attendence ৰ বাবে এবছৰ ড্ৰপ খোৱাই আছে, ইয়াৰ মাজতো কৈ আছ, আল্লাহে যি কৰে ভালৰ বাবেই কৰে৷ ইয়াত কোনটো ভাল তই দেখিলি, ক'ছোন?'


    এই খিনিতে ছাজিদ সম্পৰ্কে অলপ কৈ থোৱা প্ৰয়োজন ৷ মই আৰু ছাজিদ ৰুমমেট৷ তেওঁ প্ৰাচ্যৰ অক্সফ'ৰ্ড ঢাকা বিশ্ববিদ্যালয়ৰ মাইক্ৰ' বায়লজিৰ ছাত্ৰ৷ প্ৰথম জীৱনত তেওঁ খুবেই ধাৰ্মিক আছিল৷ নামাজ-কালাম পঢ়িছিল৷ বিশ্ববিদ্যালয়ত আহি কেনেকৈ জানো তেও এগনষ্টিক হৈ গ'ল৷ লাহে লাহে স্ৰষ্টাৰ ওপৰৰ পৰা বিশ্বাস হেৰুৱাই এতিয়া তেওঁ পিওৰ(?) নাস্তিক হৈ পৰিল৷ ধৰ্মক এতিয়া তেওঁ কেৱল আৱৰ্জনা বুলি ভাবে৷ তেওঁৰ ধাৰণা মতে মানুহেই ধৰ্মৰ স্ৰষ্টা৷ আৰু "ঈশ্বৰ" ধাৰণাটো স্বাৰ্থান্বেষী কোনো মহলৰ মস্তিষ্কপ্ৰসূত কল্পনাহে মাত্ৰ৷


    ছাজিদৰ লগত এই মূহুৰ্তত তৰ্ক যুদ্ধত লিপ্ত হোৱাৰ মোৰ কোনো ইচ্ছা নাই যদিও তেওক একেবাৰে উপেক্ষাও কৰিব নোৱাৰিলোঁ৷


    মই ক'লোঁ__'মোৰ লগততো ইয়াতকৈ বেয়া কিছু ঘটিব পাৰিলেহেতেন, নে কি কৱ?'


    ___ 'হুহ! বেয়া হোৱাৰ কিবা বাকি থাকিলগৈ নেকি?'


    ___'হয়তো৷'


    ___'যেনে?'


    ___'এনেকোৱাওতো হ'ব পাৰিলে হেতেন যে, মই গোটেই বছৰ একেবাৰে পঢ়া-শুনা নকৰিলোঁ৷ফলত পৰীক্ষাত ফেইল মাৰিলোঁ৷এতিয়া ফেইল কৰিলেও মোৰ এবছৰ ড্ৰপ হৈ গ'ল হয়৷ হয়তো ফেইল কৰাৰ অপমানটো মোৰ বাবে সহ্যাতীত হ'ল হয়৷ আত্মহত্যাৰ পথ বাচি ললোঁ হয়৷'


    ছাজিদ হা হা হা কৈ হাঁহিবলৈ ধৰিলে৷ হাঁহিৰ কোবত মুখ মেলিয়েই ক'লে__'কি অদ্ভূত বিশ্বাস লৈ ঘূৰি ফুৰৰে ভাই৷ হাঃ হাঃ হাঃ…………'


    ছাজিদ বিদ্ৰূপাত্মক হাঁহিত ৰ'ব নোৱাৰা হৈ পৰিল৷ যেন জীৱনত এই প্ৰথম এটা ভাল ৰগৰ শুনিলে৷ ৰাতি ছাজিদৰ লগত আৰু অলপ তৰ্ক-বিতৰ্ক চলি থাকিল৷


    তেওঁ ক'লে___' তহঁতেযে স্ৰষ্টাত বিশ্বাস কৰ, সেয়া কিহৰ ভিত্তিত?'


    মই ক'লোঁ___' বিশ্বাস দুই ধৰণৰ৷ এটা হ'ল প্ৰমাণৰ ভিত্তিত বিশ্বাস৷ যাক সঠিককৈ চৰ্তামূলক বিশ্বাস বুলি ক'ব পাৰি৷ আনটো হ'ল প্ৰমাণবিহীন বিশ্বাস৷'


    ছাজিদে আকৌ এগালমান হাঁহিলে৷


    তেওঁ কলে__ দ্বিতীয় ক্যাটেগৰিক চিধা-চিধি ভাষাত অন্ধবিশ্বাস বুলি কয় পাগল, বুজিলি?'


    মই তেওঁৰ কথাত কৰ্ণপাত নকৰি কবলৈ ধৰিলোঁ___'প্ৰমাণৰ ভিত্তিত যিটো বিশ্বাস, সেইটো মূলত বিশ্বাসৰ মাজতেই নপৰে৷পৰিলেও খুওব টেম্পোৰাৰি৷ এই বিশ্বাস ইমানেই দূৰ্বল যে,হঠাৎ সলনি হৈ যায়৷'

    ছাজিদ এইবাৰ অলপ লৰচৰ কৰি ভালদৰে বহি ললে ৷


    ___ 'কেনেকৈ?' ছাজিদৰ চকুত জিজ্ঞাংসাৰ চাওনি৷


    ___এই যেনেকৈ ধৰ, সূৰ্য আৰু পৃথিৱীক লৈ মানুহৰ এটা আদিম কৌতূহল আছে৷ আমি আদিৰে পৰাই এইবোৰৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ, হয়নে নহয়?'


    ময়ো দুই ভৰিক কোকোঁৰা চেপাদি বিচনাত বহি ললোঁ৷


    ____'ও-ও-ম, হয়৷'


    ____'আমাৰ কৌতূহল দমাবলৈ বৈজ্ঞানিক সকলে অতীততো আপ্ৰাণ চেষ্টা কৰি গৈছে আৰু এতিয়াও কৰি আছে, ঠিক?'


    ____'ও-ম, ঠিক৷


    ____আমি দলবদ্ধ আছিলোঁ৷ আমি সেই তাহানিৰে পৰা জানিব খুজিছোঁ যে সূৰ্য আৰু পৃথিৱীৰ ৰহস্যটো প্ৰকৃততে কি৷ সেই সুবাদতেই পৃথিৱীৰ বিজ্ঞানী সকলে সময়ে সময়ে নানান তথ্য আমাৰ সন্মূখত উন্মোচিত কৰিছে৷ পৃথিৱী আৰু সূৰ্য সম্বন্ধে প্ৰথম ধাৰণা ব্যক্ত কৰিছিল গ্ৰীক জ্যোতিৰ্বিজ্ঞানী টলেমিয়ে৷ টলেমিয়ে কি ব্যাখ্যা আগবঢ়াইছিল সেই বিষয়ে নিশ্চয় তই অৱগত?'


    ছাজিদে ক'লে___'হয়, তেওঁ কৈছিল যে, সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে৷'


    ___'বিল্কুল বিল্কুল ভাই৷কিন্তু বিজ্ঞান আজিও সেই আওপুৰণি থিয়ৰিতেই বহি আছেনে? নাই৷ কিন্তু তই জাননে,টলেমিৰ এই থিয়ৰিটো বিজ্ঞান মহলত বৰ্তি আছিল সম্পূৰ্ণ ২৫০ বছৰ৷ ভাবিলে আচৰিত লাগে যে, ২৫০ বছৰ ধৰি পৃথিৱীৰ মানুহ, য'ত ডাঙৰ-ডাঙৰ বিজ্ঞানী, ডাক্তৰ, ইঞ্জিনীয়াৰ ইত্যাদি আছিল, সিহঁতেও বিশ্বাস কৰিছিল যে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে৷ এই ২৫০ বছৰৰ ভিতৰত সিহঁতৰ মাজৰ পৰা যিসকলৰ মৃত্যু হৈছে, সিহঁতে এই বিশ্বাস লৈয়ে মৃত্যুবৰণ কৰিছে৷'


    ছাজিদে এটা ছিগাৰেট জ্বলালে৷ হু-ও-চ-চকৈ এটা দীঘলীয়া টান মাৰি আমেজত চঁকু দুটা মুদি দিলে৷ আকৌ ওপৰলৈ মূৰ তুলি ধোঁৱাবোৰ এক বিশেষ কায়দাৰে এৰি দি ধোঁৱাবোৰ কুণ্ডলি পকাই ওপৰলৈ উৰি যোৱাৰ ফালে একেথৰে চাই থাকিল৷ হঠাৎ মোলৈ এনেদৰে দৃষ্টি পোনালে যেন কিবা এটা বিচাৰি পাবলৈ সক্ষম হৈছে৷


    ___'তাতে কি হ'ল? তেতিয়াতো আৰু টেলিস্কোপ নাছিল,সেয়ে টলেমিয়ে ভুল মতবাদ দিছিল৷ পিছত কপাৰনিকাছে তেওঁৰ থিয়ৰিক ভুল বুলি প্ৰতিপন্ন কৰি দিয়া নাই জানো?


    __'হয়৷ কিন্তু কপাৰনিকাছেওতো এটা ডাঙৰ ভুল এৰি থৈ গ'ল৷'


    ___ 'কেনেকৈ?' ছাজিদৰ প্ৰশ্ন৷


    ___'কি অদ্ভূত! এইটোতো

    তোৰ জনাৰ বিষয়৷ যদিও কপাৰনিকাছে টলেমিৰ থিওৰিৰ বিপৰীত থিওৰি দি প্ৰমাণ কৰি দেখুৱাইছিল যে,সূৰ্য পৃথিৱীৰ চাৰিওফালে নহয়,বৰং পৃথিৱীই সূৰ্যৰ চাৰিওফালে ঘূৰে৷কিন্তু তেৱো এঠাইত ভুল কৰিছে আৰু সেই ভুলটোও বিজ্ঞান মহলত বীৰদৰ্পে বুকু ফিন্দাই আছিল সম্পূৰ্ণ ৫০ বছৰ৷'


    ___'কোনটো ভুল?নকৱ কেলেই?'


    ___'কপাৰনিকাছে কৈছিল,পৃথিৱীই একমাত্ৰ সূৰ্যক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰে, কিন্তু সূৰ্য নুঘূৰে৷ সূৰ্য স্থিৰ৷ কিন্তু আজিৰ বিজ্ঞানে কয়-- সূৰ্য স্থিৰ নহয়৷ বৰং সূৰ্যও নিজৰ কক্ষপথত অবিৰাম ঘূৰ্ণনৰত৷'


    ছাজিদে কলে-- 'সেইটো অৱশ্যে ঠিক৷ কিন্তু বিজ্ঞানৰ এইটোৱে নিয়ম যে, বিজ্ঞান প্ৰতিনিয়ত পৰিৱৰ্তন হৈ থাকিব ৷ ইয়াত শেষ বা ফাইনাল বুলি একো নাই৷'


    ___ Now you have come to the point, my friend!


    ময়ো জানো যে, বিজ্ঞানত অন্তিম শুদ্ধ আৰু ফাইনাল বুলি একোৱে নাই৷ এটা বৈজ্ঞানিক থিওৰি দুই ছেকেণ্ডো স্থিৰ থাকিব নোৱাৰে,আকৌ কোনোবাটো দুশ বছৰো চলি যায়৷ সেয়ে প্ৰমাণ বা দলিলৰ ভিত্তিত যি বিশ্বাস কৰা হয় তাক আমি বিশ্বাস বুলি কব নোৱাৰোঁ৷ ইয়াক আমি খুওব বেছি চুক্তি বুলি কব পাৰি৷ চুক্তিটো এনে ধৰণৰ---"তোমাক মই তেতিয়ালৈকে বিশ্বাস কৰিম, যেতিয়ালৈকে তোমাতকৈ অথেনটিক আন এটা সন্মূখত নাহে৷'


    ছাজিদে আকৌ পজিশ্বন চেঞ্জ কৰি বহিল৷ এতিয়া অলপ একমত হোৱা যেন লাগি আছে৷


    মই ক'লো__'ধৰ্ম বা সৃষ্টিকৰ্তাৰ ধাৰণা বা অস্তিত্ব হৈছে ঠিক ইয়াৰ বিপৰীত৷ বিশ্বাস আৰু অবিশ্বাসৰ মাজত এই মৌলিক পাৰ্থক্য আছে বাবেই আমাৰ ধৰ্মগ্ৰন্থৰ আদিতেই বিশ্বাসৰ কথা কোৱা হৈছে৷"এইখন(কোৰআন) তেওঁলোকৰ বাবে,যিসকলে বিশ্বাস কৰে৷'(ছুৰা বাকাৰাহ:৹২)

    যদি বিজ্ঞানত শেষ বা ফাইনাল কিবা থাকিলেহেতেন, তেনেহ'লে হয়তো ধৰ্মগ্ৰন্থৰ আৰম্ভনিতেই বিশ্বাসৰ সলনি বিজ্ঞানৰ কথা কোৱা হ'লহেঁতেন ৷ হয়তো কোৱা হ'ল হয়--"এইখন সিহঁতৰ বাবেই, যিসকল বিজ্ঞানমনষ্ক৷" কিন্তু যি বিজ্ঞান সদা পৰিৱৰ্তনশীল,যি বিজ্ঞানৰ নিজৰ ওপৰতেই বিশ্বাস নাই,তাক বেলেগে কেনেকৈ বিশ্বাস কৰিব পাৰে?


    ছাজিদে ক'লে__"কিন্তু যাক আমি চকুঁৰে দেখা নাপাও,যাৰ পক্ষত কোনো প্ৰমাণ নাই, তাক আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ?"


    মই ক'লো___"সৃষ্টিকৰ্তাৰ পক্ষত দেধাৰ প্ৰমাণ আছে, সেয়া বিজ্ঞানে পুৰাপুৰি দিব নোৱাৰে৷ এইটো বিজ্ঞানৰ সীমাবদ্ধতা,সৃষ্টিকৰ্তাৰ নহয়৷ বিজ্ঞানে বহুতো বস্তুৰ উত্তৰ দিব নোৱাৰে৷ তালিকা প্ৰস্তুত কৰিবলৈ গ'লে বহুত দীঘল হৈ যাব৷


    ছাজিদে কিছু খঙেৰে ক'লে


    __'ধেমালি কৰিবলৈ আহিছা মোৰ লগত?'


    মই হাঁহি হাঁহি ক'লো__'আচ্ছা দোস্ত্ শুন, মই কৈ আছোঁ৷তোৰ প্ৰেমিকাৰ নাম মিতু নহয় জানো?

    ___'ইয়াত আকৌ মোৰ প্ৰেমিকাৰ কথা আহিছে কিয়?'


    ___'আৰে ক'না আগতে৷'


    ___'জানিও নজনাৰ ভাও ধৰিছ যে? "


    ___'বেয়া নাপাবি৷ কথাৰ কথা কৈছোঁ৷ ধৰি ল, মই মিতুক ধৰ্ষণ কৰিলোঁ৷ ৰক্তাক্ত অৱস্থাত মিতু তাইৰ বিচনাত পৰি আছে৷ আৰু ধৰ, তই কোনোভাৱে বিষয়টো জানিব পাৰিছ৷'


    ___'হু৷'


    ___'এতিয়া বিজ্ঞানৰ সহায়ত ব্যাখ্যা কৰচোন চাও, মিতুক ধৰ্ষণ কৰাৰ কাৰণে কিয় মোৰ শাস্তি হ'ব লাগে?'


    ছাজিদে ক'লে__'ক্ৰিটিক্যল কোয়েশ্চন৷ ইয়াক বিজ্ঞান দি কেনেকৈ ব্যাখ্যা কৰিম হা ?'


    ___'হা হা হাঃ আগতেই কৈছোঁ৷ এনেকোৱা বহুত বিষয় আছে, যাৰ উত্তৰ বিজ্ঞানৰ হাতত নাই৷'


    ___'কিন্তু ইয়াৰ লগত স্ৰষ্টাৰ ওপৰত বিশ্বাসৰ কি সম্পৰ্ক ?'


    ___'সম্পৰ্ক আছে৷ অতি নিৱিড় সম্পৰ্ক৷ স্ৰষ্টাৰ ওপৰত বিশ্বাসটোও ঠিক এনেকোৱা এটা বিষয়, যিটো আমি,অৰ্থাৎ মানুহে, আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য প্ৰমাণাদি দি প্ৰমাণ কৰিব নোৱাৰোঁ৷ স্ৰষ্টা কোনো টেলিস্কোপত ধৰা নপৰে৷ তেওঁক অণুবিক্ষণ যন্ত্ৰ দিও বিচাৰি ওলিয়াব নোৱাৰি৷ তেওঁক কেৱল 'বিশ্বাস কৰিব লাগে৷'


    ছাজিদ এইবাৰ ১৮০ ডিগ্ৰী এঙ্গলত বেঁকাহৈ বহিল৷


    তেওঁ কলে___'ধুৰ! কি আবোল তাবোল বুজাই আছ৷ যাক দেখিব নোৱাৰোঁ,তাক এনেকৈয়ে বিশ্বাস কৰি ল'ম নেকি ?'


    মই ক'লোঁ__ 'হয়৷ পৃথিৱীত অবিশ্বাসী বুলি আচলতে কোনো নাই৷ সকলোৱেই বিশ্বাসী৷ সকলোৱে এনে কিছুমান কথাত বিশ্বাস কৰে, যি সিহঁতে কেতিয়াও দেখা নাই কিম্বা এতিয়াও দেখাৰ কোনো সুযোগ হোৱা নাই৷ ইয়াক লৈ সিহঁতে কেতিয়াও প্ৰশ্ন উত্থাপন নকৰে৷ সিহঁতে নিৰ্বিঘ্নে আৰু নিশ্চিন্তে তাত বিশ্বাস কৰি যায়৷ মই দৃঢ় ভাৱে কব পাৰোঁ-- তয়ো ঠিক তেনেকুৱাই৷ ব্যতিক্ৰম নহয়৷


    ছাজিদে কলে___'মই?? পাগল হোৱা নাইতো তই? মই নেদেখি একোতেই বিশ্বাস নকৰোঁ আনকি ভৱিষ্যতেও কেতিয়াও নকৰোঁ৷


    ___'ৰিলেক্স বন্ধু!! তই এতিয়াও নেদেখিয়েই বহুতো ক্ষেত্ৰত বিশ্বাস কৰ আৰু ইয়াক লৈ তোৰ মনত কেতিয়াও কোনো প্ৰশ্ন উদয় হোৱা নাই৷ আজি এই আলোচনা নহ'লে হয়তো কেতিয়াও উদয় নহ'লহেতেন৷'


    তেওঁ মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই থাকিল৷ ক'লো-- 'জানিব বিচাৰ?'


    ___'হুমম৷'


    ___'আকৌ কৈছোঁ৷ মনেৰে নলবি৷ যুক্তিৰ খাতিৰতহে কৈছোঁ৷'


    ___'ঠিক আছে, ক'৷'


    ___'আচ্ছা, তোৰ মা-দেউতাৰ মিলনৰ বাবেই যে তোৰ জন্ম হৈছে, সেইটো তই কেতিয়াবা দেখিছিলিনে? নাইবা এই মূহুৰ্তত তোৰ হাতত এই সংক্ৰান্তত কোনো প্ৰমাণ আছেনে? এনেকোৱাওতো হ'ব পাৰে তোৰ জন্মৰ আগত তোৰ মায়ে তোৰ দেউতাৰ বাহিৰে অইন কাৰোবাৰ লগত দৈহিক সম্বন্ধ গঢ়িছিল৷ হ'ব পাৰে তই সেই ব্যক্তিৰেই জৈৱক্ৰীয়াৰ ফল৷ তই এয়া দেখা নাই৷ কিন্তু কেতিয়াবা তোৰ মাক এই লৈ কোনো প্ৰশ্ন কৰিছিলি জানো? কৰা নাই৷ সেই সৰুৰে পৰাই যাক দেউতা বুলি দেখি আহিছ,এতিয়াও তেওঁক আব্বা বুলি কৱ৷


    যাক ভাই হিচাপে জানি আহিছ, তাক ভাই বুলি কৱ৷ বাইদেউক বাইদেউ বুলি মাত৷ তই নেদেখিয়েই এইবোৰত বিশ্বাস নকৰনে? তই কি জানিব বিচাৰিছিলি এতিয়া যাক আব্বা বুলি মাত, তই আচলতেই তেওঁৰ ঔৰসজাত সন্তান হয়নে নহয়? বিচৰা নাই৷ কেৱল বিশ্বাস কৰি গৈছা৷ এতিয়াও কৰি আছা৷ ভৱিষ্যতেও কৰিবি৷ স্ৰষ্টাৰ অস্তিত্বত বিশ্বাসটোও ঠিক এনেকোৱাই ভাই!৷ ইয়াত প্ৰশ্নৰ অৱস্থান নাই৷ নাই কোনো সন্দেহৰ অৱকাশ৷ ইয়াক হৃদয়ৰ গভীৰ কোঠালীত সজাব লাগে৷ ইয়াৰ নামেই বিশ্বাস৷'


    ছাজিদ বহাৰ পৰা উঠি বাহিৰলৈ ওলাই গ'ল৷ হয়তো তেওঁ মোৰ কথাত অলপ কষ্ট পাইছে৷--মই ভাবিলোঁ৷


    পিছদিনা ৰাতিপোৱা মই যেতিয়া ফজৰৰ নামাজৰ বাবে অজু কৰিবলৈ যাম, তেতিয়া ছাজিদ আহি মোৰ কাষতে থিয় হ'ল৷ মই তেওঁৰ মুখৰ পিনে চালোঁ৷ তেওঁ মোৰ দৃষ্টিৰ ভাষা বুজিব পাৰিছে৷ অলপ সময় টলকা মাৰি থাকি ক'লে__' নামাজ পঢ়িবলৈ ওঠিছো৷' 

    অজানিতেই মোৰ দৃষ্টি আকাশলৈ উৰা মাৰিছিল৷ পুৱাৰ আকাশটো তেতিয়া আনদিনাতকৈ বহুগুনে পৰিষ্কাৰ যেন লাগিছিল৷


    ........END......

    হজ্ব ইবাদত
© NE Peace | Powered By WinLine India

Contact us

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam