loading ...

  • ইছলামত বহুবিবাহৰ অনুমতি আৰু ইয়াৰ কাৰণ

    তৃতীয় খণ্ড 

      ইছলামত বহুবিবাহৰ অনুমতি আৰু ইয়াৰ কাৰণ 


    পৱিত্ৰ ইছলামত বহুবিবাহৰ অনুমতি আছে যদিও অপৰিহাৰ্য নহয়। ইছলাম একমাত্ৰ ধৰ্ম যিয়ে কেৱল এগৰাকী মহিলাক বিবাহ কৰাৰ প্ৰতি উদ্বুদ্ধ কৰে।

     পৱিত্ৰ কুৰআনত আল্লাহ তাআ'লাই ইৰ্শ্বাদ ফৰ্মাইছে - "যদি তোমালোকৰ আশংকা হয় যে, এতিম (মাউৰা)  সংক্ৰান্তত সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ'লে এনে মহিলাক বিবাহ কৰা যাক তোমালোকৰ পছন্দ হয় দুগৰাকী, তিনিগৰাকী, চাৰিগৰাকীকৈ, আৰু যদি তোমালোকৰ আশংকা হয় যে, তেওঁলোকৰ মাজত সুবিচাৰ (সম-অধিকাৰ) কৰিব নোৱাৰিবা তেনেহ'লে কেৱল এগৰাকীকহে( বিবাহ কৰা) (ছূৰা নিছা)।

    পৱিত্ৰ ক্বুৰআনৰ উল্লেখিত আয়াতত বৰ্ণনা কৰা হৈছে যে, যদি কাৰোবাৰ সামৰ্থ্য আছে আৰু সকলো পত্নীৰ মাজত সমতা ৰক্ষা আৰু সুবিচাৰ কৰিব পাৰে তেনেহ'লে সৰ্বোচ্চ চাৰিগৰাকী মহিলাৰ সৈতে বিবাহ কৰাব পাৰে, এয়া কেৱল অনুমতিহে জৰুৰী নহয়। কিন্তু যদি পত্নীসকলৰ মাজত সমতা ৰক্ষা বা সুবিচাৰ কৰিব নোৱাৰে তেনেহ'লে কেৱল এগৰাকী মহিলাৰ সৈতে বিবাহ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

    পাঠক সমাজ! উল্লেখিত আয়াত আৰু অন্যান্য কিছুমান আয়াত নাজিল (অৱতীৰ্ণ) হোৱাৰ  আৰু নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ  এই সংক্ৰান্তীয় বহুতো হাদীছৰ প্ৰেক্ষাপট আছিল আটাইতকৈ লক্ষণীয় বিষয় -

    ইছলামৰ প্ৰচাৰ - প্ৰসাৰ আৰু অভ্যুত্থানৰ সমান্তৰালকৈ মুছলমানৰ বিৰুদ্ধে মুছলমানক সমূলঞ্চে নিৰ্মূল কৰিবলৈ শত্ৰু সকলে উঠি পৰি লাগিছিল। মুছলমান সকলেও উক্ত বাধা আৰু আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল, ফলশ্ৰুতিত যুদ্ধ আৱশ্যম্ভাবী হৈ পৰিছিল। এনেকুৱা যুদ্ধত কাফিৰ সকলৰ সমান্তৰালকৈ মুছলমানো শ্বহীদ হৈছিল। বহুতো মহিলা বিধবা আৰু বহুতো ল'ৰা ছোৱালী মাউৰা হৈছিল। 

    আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে সংগী, ছাহাবা সকলক উৎসাহ দিছিল সংশ্লিষ্ট বিধবা মহিলা সকলক বিবাহ কৰাবলৈ আৰু মাউৰা ল'ৰা-ছোৱালীক তুলি লবলৈ। কাৰণ যুদ্ধত নিহত ব্যক্তিৰ স্ত্ৰী - সন্তানৰ চোৱা চিতা আদিৰ সমস্যা বৰ জটিল সমস্যা আছিল। কাৰোবাৰ স্ত্ৰী - সন্তানক লোকে কিমান দিনলৈ ভৰণ-পোষণ বা চোৱা চিতা কৰিব? যদিও কৰে সেয়া সাময়িক সময়ৰ বাবেহে কৰিব। গতিকে নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে  পুৰুষ সকলক উৎসাহ প্ৰদান কৰিলে যে, যাৰ আৰ্থিক, শাৰীৰিক আদি সামৰ্থ্য আছে তেওঁলোকে  একাধিক বিবাহ কৰাব পাৰে । আৰু যেন মাউৰা ল'ৰা - ছোৱালীৰ দায়িত্ব লয়। নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এই সুদূৰপ্ৰসাৰী আৰু ফলপ্ৰসু ব্যৱস্থাৰ ফলত অসংখ্য মহিলা আৰু শিশুৱে নিৰাপদ আশ্ৰয় লাভ কৰিছিল। মহিলা সকলে  ভৰণ-পোষণৰ সমান্তৰালকৈ ৰূপ-যৌৱনৰ সুৰক্ষাও লাভ কৰিছিল, আৰু শিশু সকলে ভৰণ- পোষণ, নিৰাপত্তা আৰু সু শিক্ষাও লাভ কৰিছিল।  এই ব্যৱস্থাৰ ফলত এক নিশ্চিত সামাজিক অৱক্ষয়ৰ পৰা তদানীন্তন আৰব সমাজ ৰক্ষা পৰিছিল।

    পৱিত্ৰ ক্বুৰআনৰ এনে উৎসাহ আৰু নিৰ্দেশ কোনো বিশেষ সময়ৰ বাবে নাছিল বৰঞ্চ পৱিত্ৰ ক্বুৰআন সমগ্ৰ মানৱ জাতিৰ বাবে আৰু সৰ্বকালৰ বাবে এক পৰিপূৰ্ণ তথা সামগ্ৰিক জীৱন ব্যৱস্থা। এনেধৰণৰ সমস্যা যেতিয়াই দেখা দিব তেতিয়াই ইছলামে একাধিক বিবাহৰ বাবে উৎসাহিত কৰিব। 

    (উল্লেখিত আয়াতৰ আৰু প্ৰেক্ষাপট আছে যদিও সেয়া অন্য প্ৰসংগ হোৱাৰ বাবে আৰু বৰ্দ্ধিত কলেবৰৰ প্ৰতি লক্ষ্য ৰাখি কেৱল এটা প্ৰেক্ষাপট উল্লেখ কৰা হ'ল) 

    পূৰ্বেই উল্লেখ কৰা হৈছে যে, পৱিত্ৰ ক্বুৰআন একমাত্ৰ গ্ৰন্থ য'ত এটা বিবাহৰ প্ৰতি উৎসাহ দিয়া হৈছে । 

    গীতা, মহাভাৰত, ৰামায়ণ আদি হিন্দু ধৰ্মীয় গ্ৰন্থসমূহ অধ্যয়ন কৰিলে ক'তো পোৱা নাযায় যে, কেৱল এটা বিবাহৰ প্ৰতি উৎসাহিত কৰা হৈছে। তদ্ৰুপ বাইবেল আৰু ইহুদী ধৰ্মগ্ৰন্থ অধ্যয়ন কৰিলে দেখা পোৱা যায় যে, একাদশ শতিকা পৰ্যন্ত খ্ৰীষ্টান সকলৰ বাবে এগৰাকী পুৰুষৰ একাধিক স্ত্ৰী ৰখাৰ অনুমতি আছিল।। ঠিক তেনেদৰে 1950 চন পৰ্যন্ত ইহুদী সকলৰ বাবে একাধিক বিবাহৰ অনুমতি আছিল 

    ইছলাম পূৰ্ব আৰবত কোনো কোনো পুৰুষৰ বাৰ গৰাকী পোন্ধৰ গৰাকী পৰ্যন্ত স্ত্ৰী আছিল। ইহুদী আৰু খ্ৰীষ্টান অধ্যুষিত এলেকাত ইয়াৰ প্ৰবণতা বহুত বেছি আছিল। 

    হিন্দু ধৰ্মৰ পৱিত্ৰ গ্ৰন্থসমূহ অধ্যয়ন কৰিলে দেখা পোৱা যায় যে, অসংখ্য ৰজা মহাৰজাৰ একাধিক স্ত্ৰী আছিল। ৰামচন্দ্ৰৰ পিতৃ দশৰথৰ, শিৱৰ, অৰ্জুনৰ, ভীমৰ তথা ৰামায়ণ মহাভাৰতৰ অতি গুৰুত্বপূৰ্ণ চৰিত্ৰৰ  প্ৰায় সকলোৰে একাধিক স্ত্ৰী আছিল। শ্ৰী কৃষ্ণৰো কেইবাগৰাকী স্ত্ৰী আছিল, আনকি শ্ৰী কৃষ্ণৰ 16108 গৰাকী স্ত্ৰীৰ কথাৰো উল্লেখ পোৱা যায়। 

    এতিয়া আহোঁ মূল প্ৰসংগলৈ -ইছলামে কেইবাটাও কাৰণত একাধিক বিবাহৰ অনুমতি দিয়ে, তাৰ ভিতৰত উল্লেখযোগ্য আৰু মৌলিক কাৰণ হ'ল দুটা।

     প্ৰথমঃ সামাজিক কাৰণ। 

    দ্বিতীয়ঃ ব্যক্তিগত কাৰণ। 

     সামাজিক কাৰণ-স্বাভাৱিক অৱস্থাত বা অন্য কোনো কাৰণ যেনে যুদ্ধ-বিগ্ৰহ, দুৰ্ঘটনা, মহামাৰী আদিৰ ফলত যদি কোনো অঞ্চলত পুৰুষতকৈ মহিলাৰ সংখ্যা বৃদ্ধি হৈ যায়। 

    নাৰীৰ তুলনাত পুৰুষৰ মৃত্যুৰ হাৰ বহুত বেছি। চিকিৎসকৰ মতে পুত্ৰ সন্তানতকৈ কন্যা সন্তানৰ মৃত্যুৰ হাৰ কম। ৰোগ প্ৰতিৰোধ ক্ষমতা পুত্ৰ সন্তানতকৈ কন্যা সন্তানৰ বহুত বেছি, গতিকে কন্যা সন্তানৰ তুলনাত পুত্ৰ সন্তানৰ মৃত্যুৰ হাৰ বেছি। মদ, ড্ৰাগ্ছ ইত্যাদি নিচাযুক্ত দ্ৰব্যৰ প্ৰতি পুৰুষৰ আসক্তি বেছি, সেয়েহে এইবোৰৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰত পৰি পুৰুষ সকল বেছি মৃত্যুমুখত পৰে। মটৰ চাইকেল,গাড়ী, বিভিন্ন প্ৰকাৰৰ যান-বাহন,এৰোপ্লেন আদিৰ দুৰ্ঘটনাৰ ফলত পুৰুষ সকল বেছি মৃত্যুমুখত পৰে। প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ - বিগ্ৰহ আদিৰ ফলত পুৰুষ সকল অধিক মৃত্যুমুখত পৰে। উল্লেখিত কাৰণসমূহৰ ফলত মৃত্যুমুখত পৰা লোকৰ 95% ই পুৰুষ। 

    আমেৰিকাৰ আক্ৰমণত ইৰাক আৰু আফগানিস্তানত প্ৰায় 50লাক্ষাধিক লোকৰ মৃত্যু হয়। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ফলত কোটি কোটি লোকৰ মৃত্যু হয়। তাৰে শতকৰা 95 ভাগেই  পুৰুষ। 

    মুঠৰ ওপৰত সকলো ক্ষেত্ৰতেই নাৰীৰ তুলনাত পুৰষৰ মৃত্যুৰ হাৰ বহুগুণে বেছি। 

    উপৰত উল্লেখিত কাৰণ আৰু অন্যান্য কাৰণ সমূহৰ ফলত নাৰীৰ সংখ্যা পুৰুষতকৈ বহুগুণে বেছি। ভাৰত আৰু আফ্ৰিকা মহাদেশৰ কেইখনমান দেশৰ বাহিৰে বাকী পৃথিৱীৰ গোটেই দেশতে নাৰীৰ সংখ্যা বহুত বেছি। ভাৰতবৰ্ষত নাৰীৰ সংখ্যা কম হোৱাৰ কাৰণ হ'ল প্ৰতি বছৰে ভাৰতত প্ৰায় 10 লাখতকৈ অধিক গৰ্ভপাত কৰোৱা হয় যেতিয়া জানিব পাৰে গৰ্ভস্থ সন্তানটি কন্যা সন্তান।

     পৱিত্ৰ ইছলামত অত্যন্ত কঠোৰভাৱে এনে কাম নিষিদ্ধ কৰা হৈছে। এনে বৰ্বৰোচিত অপৰাধ ৰোধ কৰিলে ভাৰততো নাৰীৰ সংখ্যা বৃদ্ধি পাব। 

    ‌আমেৰিকা যুক্তৰাষ্ট্ৰত নাৰীৰ সংখ্যা 78 লাখ বেছি, বৃটেইনত 40 লাখ,জাৰ্মানীত 50 লাখ, ৰাছিয়াত 70 লাখ ।

    যদি ধৰা হয় সংশ্লিষ্ট দেশবোৰৰ এগৰাকী পুৰুষে কেৱল এগৰাকী নাৰীকহে বিয়া কৰাব তেনেহ'লে প্ৰত্যেক দেশতে লাখ লাখ নাৰী অবিবাহিত থাকি যাব।  তেওঁলোকৰ সন্মুখত দুটা ৰাস্তা খোলা থাকিব হয়তো তেওঁলোকে সেইগৰাকী পুৰুষক বিয়া কৰাব, যাৰ পূৰ্বৰে পৰা পত্নী আছে। নতুবা তেওঁলোক ভোগৰ সামগ্ৰীত পৰিণত হ'ব। কাৰণ এগৰাকী নাৰীৰ বাবে গোটেই জীৱন অবিবাহিত থকা সম্ভৱপৰ নহয়। (সহায় লৈ) 

    অন্ন,বস্ত্ৰ আৰু বাসস্থানৰ সমান্তৰালকৈ দৈহিক চাহিদাও পূৰণ কৰা জৰুৰী। দীৰ্ঘকাল অবধি বা চিৰদিনলৈ দৈহিক ক্ষুধা দমন কৰি ৰখাৰ সামৰ্থ্য কিমান গৰাকী মহিলাৰ বা পুৰুষৰ আছে??? 

    ব্যাভিচাৰৰ পয়োভৰ ইমানেই বৃদ্ধি পাব যে, সামাজিক আৰু নৈতিক অৱক্ষয় ৰোধ কৰা অসম্ভৱ হৈ পৰিব। এনে অৱক্ষয়ৰ প্ৰকৃষ্ট উদাহৰণ ইউৰোপ - আমেৰিকা আদি পশ্চিমীয়া দেশসমূহৰ অসংখ্য গীৰ্জাত নিতৌ সংঘটিত হৈ থকা যৌনতাৰ ঘটনাসমূহ। অবিবাহিত ফাদাৰ আৰু নান সকলৰ মাজত সংঘটিত নিকৃষ্ট যৌনাচাৰৰ ঘটনাই সময়ে সময়ে সংবাদ শিৰোনামা দখল কৰা পৰিলক্ষিত হয়। 

    ভাৰতবৰ্ষৰো অসংখ্য মন্দিৰ - আশ্ৰমত ব্যভিচাৰ আৰু ধৰ্ষণৰ ঘটনা বিভিন্ন সময়ে সংঘটিত হৈ আহিছে। কিছুমান আশ্ৰম এফালে যেনেকৈ পুজাৰী আৰু সাধ্বীৰ যৌনতাৰ স্বৰ্গপুৰী আনফালে অগনন ভক্ত মহিলা-যুৱতীৰ সতীত্বৰ সমাধিক্ষেত্ৰ হৈ পৰিছে । এনে পূজাৰীৰ কামনাৰ পৰা ৰক্ষা পোৱা নাই বিদেশী মহিলাও। এই ঘটনাসমূহ সংঘটিত কৰে  মূলতঃ সেইসমূহ পুৰুষ - মহিলাই যি সকলে নিজৰ যৌন চাহিদা বৈধভাবে পূৰণ কৰিব নোৱাৰে।  ফলত ব্যাভিচাৰৰৰ আশ্ৰয় লয়। 

    দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত লাখ লাখ নাৰী বিধৱা হৈছিল। তাত মুক্ত যৌনতা নিচেই সাধাৰণ বিষয়ত পৰিণত হৈ পৰিছিল। পৰিস্থিতি ইমানেই বেয়াৰ ফালে ঢাল খাইছিল যে, বহুতো বিধবা মহিলাৰ ঘৰৰ সন্মুখত এনেধৰণৰ বৰ্ড বা ফলক আৰিঁ থোৱা আছিল য'ত লিখা আছিল "WANTED AN EVENING GUEST" অৰ্থাৎ নৈশ যাপনৰ বাবে এগৰাকী অতিথিৰ প্ৰয়োজন। 

    পাঠক সমাজ!  সেই সময়ৰ ইউৰোপৰ বা অন্যান্য যুদ্ধপীড়িত দেশৰ  নৈতিক আৰু সামাজিক স্থিতিশীলতা কিমান নিম্নতৰ হৈছিল সেয়া অতি সহজে উপলব্ধি কৰিব পৰা যায়। 

     সমাজৰ এনে অৱক্ষয় আৰু নৈতিক স্খলন ৰোধ কৰিবলৈ  সকলো বিবেকবান ব্যক্তিয়ে দ্বিতীয় অৰ্থাৎ একাধিক বিবাহৰ পন্থাকেই অৱলম্বন কৰিব।

    কিন্তু পৱিত্ৰ ইছলামে এই ক্ষেত্ৰত সীমা নিৰ্ধাৰণ কৰি দিছে সৰ্বোচ্চ চাৰিগৰাকী পৰ্যন্ত। অন্যথাই ভোগ বিলাসী ধনবান ব্যক্তিয়ে নিজৰ ইচ্ছামতে বিবাহ কৰাই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব।

      ইছলামে একাধিক বিবাহৰ ক্ষেত্ৰত কঠোৰ চৰ্ত বান্ধি দিছে। সেয়া হ'ল - অন্ন, বস্ত্ৰ বাসস্থান, সম্পত্তি, চোৱা- চিতা, ইত্যাদি সকলো বিষয়তে প্ৰত্যেক স্ত্ৰীক সমান অধিকাৰ প্ৰদান কৰিব লাগিব। আনকি নৈশযাপনৰ ক্ষেত্ৰতো সমান অধিকাৰ প্ৰদান কৰিব লাগিব। এই ক্ষেত্ৰত নতুন আৰু পূৰণা সকলো স্ত্ৰীৰ অধিকাৰ সমান হ'ব লাগিব। যিগৰাকী ব্যক্তিয়ে উল্লেখিত সকলো চৰ্ত আখৰে আখৰে পালন কৰিব কেৱল তাৰ বাবে একাধিক স্ত্ৰী ৰখাৰ অনুমতি আছে। 

    উল্লেখিত চৰ্তসমূহ পূৰণ কৰা কেৱল কঠিনেই নহয় বৰঞ্চ বহুতৰ বাবে প্ৰায় অসম্ভৱ। সেয়েহে এনে ব্যক্তিৰ বাবে একাধিক বিবাহৰ অনুমতি ইছলামে প্ৰদান নকৰে। 

     ব্যক্তিগত কাৰণ - এগৰাকী পুৰুষ কেতিয়াবা একাধিক বিবাহ কৰাবলৈ বাধ্য হয়, এনেধৰণৰ বহুতো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। উদাহৰণস্বৰূপে - 

    (1)স্ত্ৰী বৃদ্ধা হৈ পৰিছে  বা বন্ধ্যা হ'লে আৰু স্বামীয়ে সন্তান কামনা কৰিছে। সন্তান কামনা কৰা কোনো দোষণীয় নহয় বৰঞ্চ এয়া মানৱ মনৰ স্বাভাৱিক বাসনা। এনে অৱস্থাত স্বামীৰ বাবে দুটা ৰাস্তা খোলা থাকে প্ৰথমঃ হয়তো বৃদ্ধা বা বন্ধ্যা স্ত্ৰীক তালাক দিয়া। 

    দ্বিতীয়ঃ  প্ৰথম স্ত্ৰী থকা অৱস্থাত অন্য এগৰাকী মহিলাক বিবাহ কৰা। এয়া নিঃসন্দেহে ক'ব পাৰি যে, দ্বিতীয় পন্থা অৰ্থাৎ নিজৰ প্ৰথম স্ত্ৰীক তালাক দিয়াতকৈ  প্ৰথম স্ত্ৰীক নিজৰ স্ত্ৰী হিচাপে ৰাখি আৰু এগৰাকী মহিলাক বিবাহ কৰা নীতিগত বা সৌজন্যতাবোধৰ দিশৰ পৰা অতি উত্তম আৰু সন্মানজনক। 

    (2)স্ত্ৰী যদি  কোনো ধৰণৰ সংক্ৰামক, দীৰ্ঘস্থায়ী  বা অন্যান্য কোনো ঘৃণা উদ্ৰেককাৰী বেমাৰত আক্ৰান্ত হয় যাৰ পৰিপ্ৰেক্ষিতত স্বামীৰ বাবে সংশ্লিষ্ট স্ত্ৰীৰ সৈতে দাম্পত্য সম্পৰ্ক বজাই ৰখা সম্ভৱপৰ নহয়, এনে ক্ষেত্ৰত স্বামীৰ সন্মুখত দুটা বিকল্প থাকে, হয়তো স্বামীয়ে উক্ত স্ত্ৰীক তালাক দিব নতুবা উক্ত স্ত্ৰী থকা অৱস্থাত আন এগৰাকী মহিলাক বিবাহ কৰা। যদি তালাকৰ পন্থা বাছি লয় 

    তেনেহ'লে সৌজন্যতাবোধ, নৈতিক মূল্যবোধ, আৰু দীৰ্ঘদিনৰ প্ৰেম ভালপোৱা মূল্যহীন তথা অসাৰ হৈ পৰে। বৰঞ্চ এগৰাকী ৰূগ্না অসহায় নাৰীক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হয় আৰু চৰম উপেক্ষা তথা অৱমাননা প্ৰদৰ্শন কৰা হয়।  ইয়াৰ বিপৰীতে আন এগৰাকী নাৰীক বিবাহ কৰাই  পূৰ্বৰ স্ত্ৰীৰ স্বামী তথা অভিভাৱক হিচাপে থাকি নতুন স্ত্ৰীৰ সৈতে পূৰ্বৰ স্ত্ৰীৰো ভৰণ পোষণ আৰু চোৱা চিতা কৰি যোৱা। তাইক স্ত্ৰীৰ দৰে পৰিপূৰ্ণ অধিকাৰ দিয়া ৰুগ্না স্ত্ৰী আৰু স্বামী উভয়ৰ বাবে অধিক সন্মানজনক, মহানুভৱতাৰ পৰিচায়ক তথা সুখ শান্তিৰ বাহক তাত বিন্দুমাত্র সন্দেহৰ অৱকাশ নাই (ইসলাম সম্পর্কে অমুসলিম দের ভুল ধারণা) 

    ইছলাম কেৱল এটা ধৰ্ম বা উপাসনা  পদ্ধতিৰ নাম নহয় বা কোনো বিশেষ সময়ৰ বাবে নহয় বৰঞ্চ ইছলাম এক পৰিপূৰ্ণ তথা পূৰ্ণাংগ জীৱনব্যৱস্থাৰ নাম য'ত জন্মৰ পৰা মৃত্যুলৈকে সন্মুখীন হ'ব পৰা সকলো প্ৰকাৰৰ সমস্যাৰ সমাধান বিদ্যমান। ইছলামৰ এনে বিধান চিৰকালৰ বাবে আৰু সকলো ধৰণৰ ব্যক্তিৰ বাবে প্ৰযোজ্য। 

    সেয়েহে কোনো কাৰণবশতঃ কোনো দেশত বা কোনো ব্যক্তিৰ বাবে একাধিক বিবাহৰ প্ৰয়োজনীয়তা দেখা দিয়ে তাৰ নিয়মাৱলী, চৰ্ত ইত্যাদিৰ পৰিপূৰ্ণ বিৱৰণ পৱিত্ৰ ইছলামে আগতীয়াকৈ মানৱ জাতিৰ সন্মুখত দাঙি ধৰিছে।।

    পৰ্দা এক তাত্বিক পৰ্যালোচনা ইছলামত নাৰীৰ অধিকাৰ
© NE Peace | Powered By WinLine India

Contact us

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam

Notification Title

Notification Content Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmodtempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam